IndiaReply Logo Indiareply
Sign In Sign Up
  • Home
  • Popular
  • Explore
  • All
    • Loading...

Tell us about your community

i/communityname

Your community description

Info
Install our Android app to unlock all features.
i/Assam
Chat About

Community Information

i/assam

  • sakshu_006

    •

    6 months

    Happy new year 2025

    ধাৰাষাৰ বৈ যোৱা নদীৰ দৰেই সময়ৰ গতি । এই সময়ে দিয়ে বহু নতুন বতৰা । সময়ৰ সৈতে খোজ মিলাই আমিও পাহৰি যাও অতীতক, আদৰি লও বৰ্তমান আৰু ভৱিষ্যতৰ ৰঙীন সপোনক । পোৱা - নোপোৱাৰ হিচাপবোৰ হৃদয়ৰ দলিলত থৈ অন্য এখন দলিল প্ৰস্তুত কৰি লও যʼত থাকে অনাগত বছৰটোৰ বাবে কেৱল হাঁহি, আনন্দ, সুখ আৰু মৰম । কিন্তু ভৱিষ্যতৰ সোণালী দিনৰ আশাত খোজ দিওঁতে উভতি চোৱাৰ প্ৰয়োজন ৩৬৫ পৃষ্ঠাজোৰা এবছৰীয়া কিতাপখনলৈ । যʼত লিখা আছিল আমাৰ জীৱনৰ অম্ল - মধুৰ স্মৃতিৰ সংমিশ্ৰণেৰে কিছু প্ৰাপ্তি আৰু সন্তুষ্টিৰ গল্প । তথাপি সেই গল্পৰ মাজতে আছিল এটি এটি বিষাদৰ বাক্য । যি হৃদয়ত সিঁচি গৈছিল বহু বিফলতাৰ বীজ ।আশা কৰোঁ সেই বিফলতা এই নতুন বছৰত সফল হওক আৰু সেই সফলতাই কঢ়িয়াই আনক আপোনাৰ বাবে আনন্দ আৰু পূৰ্ণতা । বুকুত যে সাঁচি ৰাখিছে সপোনবোৰ, এই নতুন বছৰত দিঠক হৈ ধৰা দিয়ক । আপোনাৰ ব্যস্তময় জীৱনক সুখ, হাঁহি আৰু ৰোমাঞ্চকৰ কৰি তোলক নতুন বছৰে । এই নতুন বছৰত হওঁক এক নতুন আৰম্ভণি । নেদেখাজনে আপোনাক সংগ দিয়ক তাৰে কামনাৰে আপোনালৈ জনালোঁ ইংৰাজী নৱবৰ্ষ ২০২৫ ৰ আন্তৰিক শুভকামনা ☺️ ‌‌- এটা যাদৃচ্ছিক ৰেডিটাৰ বছৰৰ শেষ দিনৰ কিছু মূহুৰ্ত share কৰিছোঁ।
    1

© 2025 Indiareply.com. All rights reserved.

All Groups
    • Loading...
RECENT POSTS
Clear
    Loading...
New notification
Message icon
a few seconds ago

Sign in to our platform

Lost Password?
Not registered? Create account